পুত্ৰৰ দৃষ্টিত পিতৃ

||এক অদমনীয় সত্বাৰ সাংবাদিকৰ জীৱনগাঁথা ||

অঞ্জন হাজৰিকা তিনি দশক পূৰ্বে “টাইমছ অব ইণ্ডিয়া” গ্রুপৰপৰা প্রকাশিত “ইউথ টাইমছ” নামৰ আলোচনী এখনত বহুদিন ধৰি নিয়মীয়াকৈ “বিশিষ্ট ব্যক্তিৰ পুত্ৰৰ অঁনুভৱ”ৰ ধাৰাৰে এলানি সাক্ষাৎকাৰ প্রকাশিত হৈছিল। তাত সত্যজিত ৰয়ৰ পুত্ৰ সন্দীপ ৰয় প্রমুখ্যে বহুজন বিশিষ্ট ব্যক্তিৰ পুত্ৰৰ সাক্ষাৎকাৰ পঢ়া মনত পৰে। সেই সময়ত সেই সাক্ষাৎকাৰসমূহ পঢ়ি ভাল লাগিছিল। সেইসমূহৰ বহু কথা আজিও মনত আছে। সেই লিখনিসমূহৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ বিভিন্ন বৃত্তিৰ বহুজন বৰেণ্য ব্যক্তিৰ বহুতো নজনা কথা জানি আগত হৈছিলোঁ। সম্পূৰ্ণ ভিন্ন সৰিৱেশত আজি নিজেই তেনে এক লিখনি লিখাৰ দায়িত্ব ল’ব লগায় হোৱাত চিন্তাত পৰিছোঁ, কি লিখিম, কেনেকৈ লিখিম!

জন্মসূত্ৰে এই অভাজন সাংবাদিক কীৰ্তিনাথ হাজৰিকা আৰু লেখিকা দেৱলা হাজৰিকাৰ পুত্ৰ । বৃত্তিগত দিশত একাধিক বহুজাতিক প্ৰতিষ্ঠানত দায়িত্বপূৰ্ণ বিষয়াৰ পদবীত থকাৰ পাছত নিজস্ব ব্যৱসায়ত ব্যস্ত হোৱা বাবে আৰু সম্পূৰ্ণ সময় নিয়োগ কৰাৰ বাবেই হয়তো দেউতা আৰু মাৰ দৰে লেখক হ’ব নোৱাৰিলোঁ। আজি পিতৃ সাংবাদিক-সাহিত্যিক-সম্পাদক কীৰ্তিনাথ হাজৰিকা সম্পৰ্কে এজন পুত্র হিচাপে মোৰ দৃষ্টিভংগী প্রকাশ কৰিবলৈ সাহস কৰিছোঁ।

নিজৰ নিষ্ঠা, কৰ্মসপৃহা, অধ্যয়নপ্ৰীতি, জাতীয়তাবাদী মনোভাৱ আৰু সকলোৰে উৰ্ধ্বত মানৱ প্ৰেমৰ বাবে মোৰ পিতৃয়ে সমাজ জীৱনত এখনি উচ্চ আসন পোৱাৰ উপৰিও তেওঁক কিছু সময়ৰ বাবে হ’লেও এবাৰ লগ পোৱা আৰু তেওঁৰ কৰ্মাৱলীৰ বিষয়ে জ্ঞাত সকলোৰে হৃদয়ত তেওঁ এখনি স্থায়ী স্থান লাভ কৰিব পাৰিছিল। বহুজনে বাহিৰত বিভিন্ন পৰিৱেশত লগ পোৱা সাংবাদিক কীৰ্তিনাথ হাজৰিকা মানুহজনক মই জন্মলাভ কৰা তথা কথা বুজি পোৱা হোৱা দিনৰেপৰা তেওঁৰ পৰলোক প্ৰাপ্তি হোৱালৈকে পিতৃক দিনে-নিশাই নিবিড়ভাৱে পাইছোঁ আৰু তেওঁৰ সমগ্র কাৰ্য্যাৱলী আৰু জীৱন-ধাৰণ পদ্ধতি ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ সুবিধা পাইছিলো। পৈণত বয়স পোৱাৰেপৰা আৰু বাহিৰৰ পৃথিৱীখন আৰু বাহিৰৰ পৃথিৱীৰ জন-অৰণ্যৰ চিনাকী- পিতৃক এক নতুন ৰূপত দেখা যেন অনুভৱ কৰিছিলোঁ আৰু বুজি পাইছিলোঁ, ঘৰে- বাহিৰে কিয় সকলোৱে তেওঁক শ্ৰদ্ধা কৰে। লগতে ইয়াকো অনুভৱ কৰিছিলোঁ, মোৰ পিতৃ মানুহজনৰ ব্যক্তিত্বত দুতলীয়া নাছিল। পিতৃ আৰু মাতৃৰ প্রতি সৰুৰেপৰা সৃষ্টি হোৱা সেই অপৰিসীম শ্ৰদ্ধাৰ বাবেই আৰু তেওঁলোকৰ পুত্ৰ বুলি আত্ম উপলব্ধি কৰি নিজৰ ওপৰত এক বিশ্বাসৰ সৃষ্টি হৈছিল আৰু সেই বিশ্বাস আৰু দায়িত্ববোধ আজিও আছে আৰু অনাগত দিনবোৰলৈকো থাকিব বুলি বিনীতভাৱে ধাৰণা কৰোঁ। “আত্মশ্লাঘা আত্মহত্যা সম” বুলি কোৱাৰ দৰেই নিজৰ পিতৃৰ গুণাৱলী নিজে প্রকাশ কৰিবলৈকো কিছু দ্বিধা ভাৱৰ উদ্ৰেক হয়। তথাপিও তেখেতৰ ব্যক্তিসত্তাৰ অলিখিত ইতিহাসত মোৰ এই লিখাই, কিছু নতুন তথ্য দাঙি ধৰিব বুলি আশা কৰিছোঁ৷ _ আমি বুজিব পৰা হোৱাৰেপৰা পিতৃৰ সংগ্ৰামী জীৱনটোকেই দেখিছোঁ। চেনিকুঠীত থকা কালতে দেউতাই নীতিগত কাৰণতে বাতৰিকাকতৰ চাকৰিটোৰপৰা ইস্তফা দিয়ে । হাতত কলমটো আৰু হৃদয়ত অদম্য ইচ্ছাশক্তি আৰু ইতিবাচক ভাবৰ সম্ভাৰেৰে অগ্ৰগামী হ’ল নতুন জীৱন যুদ্ধত জয়ী হোৱাৰ পথেৰে মাহেকীয়া স্থিৰ '_, আয়ৰ অঙ্ক হাতলৈ নাহে যদিও পূৰ্বৰ আহল-বহল ভাৰা ঘৰটো এৰি নিম্নহাৰৰ ভাৰাঘৰলৈ নগ’ল, শ্বিলঙৰপৰা মাক সহায় কৰিবলৈ অহা “আইৰিন” আৰু তেওঁৰ লগৰজনীক উভতি যাবলৈ নিদিলে; কিজানিবা পৰিয়ালৰ সদস্য কোনোবাটোৰ হীনমন্যতাৰ ভাব আহে! কৰ্মযোগী পিতৃয়ে দিনে-নিশাই ব্যস্ত হৈ পৰিল নন সৃষ্টিত। সাহিত্য সৃষ্টিৰ মাধ্যমেৰে বহুতো নন পাঠকৰ হৃদয়ত সোমাই পৰিল। পূৰ্বৰ অভিনয় প্রতিভা আৰু নাট ৰচনাৰ অভিজ্ঞতাৰ বাবে নিমন্ত্ৰণ পালে গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰলৈ । ইতিমধ্যেই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্রথম শ্ৰেণীৰ পদ লাভ কৰি আকাশবাণীত বাতৰি বিভাগ আৰু অন্যান্য বিভাগত দায়িত্বপূৰ্ণ প্ৰচাৰৰ কামত ব্ৰতী হৈ পৰে। পৰৱৰ্তী কালত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ একান্ত আগ্ৰহত কেন্দ্রীয় চৰকাৰৰ স্থায়ী চাকৰি এৰি দি আৰ. জি:ৰ সপোনৰ সৃষ্টি “দৈনিক অসম” কাকতৰ সম্পাদকৰূপে যোগদান কৰে। “নতুন অসমীয়া”ৰপৰা “আকাশবাণী” হৈ “দৈনিক অসম”লৈ এই সুদীৰ্ঘ পথ পৰিক্ৰমাত দেউতাৰ সঙ্গী হৈছে বহুজন ব্যক্তি। সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, গ্ৰন্থ ৰচনা,প্ৰকাশনা আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰৰব্যক্তিসকল ৷ বৃত্তিগত কথা আলোচনা কৰিবলৈ, বন্ধুত্বৰ ঘনিষ্ঠতাৰ নিভাজ আন্তৰিকতাৰে বহুজন আহিছে আমাৰ ঘৰলৈ ৷ ইয়াৰে বহুজনক মই নিজেও ঘনিষ্ঠভাৱে পাইছোঁ; তাৰে বহুজনৰ পৰামৰ্শ, ব্যক্তিত্বৰ স্বকীয়তাৰ কথা আজিও পাহৰিব পৰা নাই।

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, মহান শিক্ষাবিদ, মামণি ৰয়ছম গোস্বামীৰ পৈতৃক গৃহ আমাৰ চেনিকুঠীৰ ঘৰৰ সন্মুখৰটোৱেই আছিল। তেওঁ ছাত্ৰী অৱস্থাৰপৰাই আমাৰ ঘৰলৈ নিয়মীয়াকৈ আহিছিল। তেওঁ সদায় আবেলি আহি মাৰপৰা আবেলিৰ জলপান তৈয়াৰ কৰাৰ দায়িত্বটো হাত-পাতি লৈ আমি কোনে কি খাম সেয়া জানি লৈ, সেইমৰ্মে আমাৰ সন্মুখত নিতৌ ন ন খাদ্যৰ সম্ভাৰ দাঙি ধৰিছিল। আবেলিৰ চাহ, জলপান দেউতা-মা আৰু মামণি বাইদেৱে একেলগে গ্ৰহণ কৰিছিল। তাতেই দেউতাই মামণি বাইদেউৰ লগত পঢ়া বিষয়ক আলোচনা কৰিছিল আৰু সৃষ্টিশীল লিখনি লেখা সম্পৰ্কে দিহা-পৰামৰ্শ দিছিল। মাজে-সময়ে তেওঁৰ লিখাসমূহ চকুফুৰাই দিছিল আৰু বিশেষকৈ মনত পৰে, সমাজৰ তৃণমূল পৰ্য্যায়ৰ লোকসকলৰ বিষয়ে সমীক্ষা কৰিবলৈ আৰু সাক্ষাৎকাৰ ল’বলৈ মামণি বাইদেউক দেউতাই উপদেশ দিছিল। এবাৰ বাইদেৱে তেওঁৰ পিতৃৰ গাঁও “আমৰঙা-বৰিহাট”লৈ যোৱাৰ আগদিনা লগ পাই দেউতাই তেওঁক গাঁৱৰ কৃষক, পোহাৰী বাই, ক্ষুদ্ৰ দোকানী আদিৰ সাক্ষাৎকাৰ ল’বলৈ উপদেশ দিছিল। পৰৱৰ্তা কালত মামণি বাইদেউ জনপ্ৰিয় আৰু বঁটা পোৱা মহিলা লেখক হিচাপে পৰিগণিত হোৱাৰ পাছতো প্রায়বোৰ সভা-সমিতি আৰু ব্যক্তিগত স্মৃতিচাৰণ সম্পৰ্কীয় লিখনিত দেউতাৰ উদগনিৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।

বিভিন্ন সময়ত আমাৰ ঘৰলৈ অহা-যোৱা কৰা ব্যক্তিসকলৰ ভিতৰত লেখক- অধ্যাপক যোগেশ দাস, ড’ মহেশ্বৰ নেওগ, ডণ প্রমোদ চন্দ্ৰ ভট্টাচাৰ্য্য, প্ৰিন্সিপাল হেম বৰুৱা, নন্দ তালুকদাৰ, নৱকান্ত বৰুৱা, ড” ভগৱান চন্দ্ৰ লহকৰ, অজিত শৰ্মাৰ কথা মনত পৰে। বিশেষ কথাৰ বাবে বিৰিঞ্চি কুমাৰ বৰুৱাদেৱো দুবাৰমান অহাৰ কথা মনত পৰে। সেইদৰে তেজপুৰৰ জাতীয়তাবাদী নেতা, মহাজাতি কাকতৰ সম্পাদক পূৰ্ণ নাৰায়ণ সিংহ ডাঙৰীয়াও বহুবাৰ আমাৰ ঘৰত পদাৰ্পণ কৰিছে। দুয়ো খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থৰ কথা পাতিলে সিংহ ডাঙৰীয়াই মাজে মাজে উত্তেজিত হৈ পৰা দেখিছোঁ। স্থিতপ্ৰজ্ঞ দেউতাই তেওঁক অতি স্বাভাৱিক আৰু নিম্ন স্বৰেৰে উত্তেজিত নহ’বলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। পৰৱৰ্তী কালত জিলা পুথিভঁৰালত আৰু কাৰ্জন হলত অসমৰ স্বাৰ্থৰ হকে “অসম জাতীয়তাবাদী যুৱক সমাজ” আৰু অন্যান্য অনুষ্ঠানে পতা মুকলি সভা কিছুমানত ড উপেন্দ্ৰ চন্দ্ৰ দাস (গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেতিয়াৰ গণিত বিভাগৰ প্রফেছাৰ), ডা” নেচাৰ আহমেদ (গুৱাহাটী মেডিকেল কলেজৰ প্রফেছাৰ আৰু অসম জাতীয়তাবাদী দলৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সভাপতি), পৰমানন্দ গোস্বামী (জাতীয়তাবাদী দলৰ সম্পাদক, লেখক, হোমিঅ’পেথিক ডাক্তৰ) আদি নেতাৰ সতে পূৰ্ণ নাৰায়ণ সিংহক মঞ্চত উদাত্ত ভাষণ দিয়া দেখিছিলো। ডা’ নেচাৰ আহমেদ আৰু পৰমানন্দ গোস্বামীও আমাৰ ঘৰলৈ দেউতাক লগ পাবলৈ মাজে-সময়ে অহা মনত পৰে। মোৰ সম্পৰ্কীয় দাদা পাৰ্থপ্ৰতীম ভৰালীদেৱো উড" উপেন্দ্ৰ চন্দ্ৰ দাস প্ৰতিষ্ঠিত অসম জাতীয়তাবাদী যুৱক সমাজৰ - প্ৰতিষ্ঠাপক সদস্য আছিল।

খিলঞ্জীয়া লোকৰ অর্থনৈতিক স্থিতি, ক্ষুদ্ৰ উদ্যোগ অবিহনে শক্তিশালী নহয় বুলি দেউতাই বিশ্বাস কৰিছিল আৰু শুৱালকুছিৰ বস্তু সমবায় সমিতি আৰু সৰ্থেবাৰীৰ কীহৰ সমবায় সংঘৰ কৰ্মকৰ্তাসকল আমাৰ ঘৰলৈ আহিলে এই বিষয়ে সুদীৰ্ঘ আলোচনা = কৰিছিল আৰু তেওঁলোকৰপৰা তথ্য সংগ্ৰহ কৰি দৈনিক অসমত সেই বিষয়ৰ ওপৰত চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ বাতৰি লিখি প্রকাশ কৰিছিল।

হাজোৰ পিতলৰ শিল্পক ভিত্তি কৰি জীয়াই থকা মৰীয়া সম্প্ৰদায়ৰ ভৱিষ্যতৰ কথা ভাবি তেওঁলোকে পিতলৰ কেঁচা সামগ্ৰীৰ “কোটা” পাবলৈ আৰু বৰপেটাৰ কাকতৰ মাধ্যমেৰেই। এইসকল লোকৰ লগত দেউতাৰ আত্মীয়তা আছিল আৰু অসম সাহিত্য সভাৰ হাজো অধিৱেশনৰ কালত তেওঁলোকে এগৰাকী দৰ্শক হিচাপে যোৱা দেউতাক দেখুওৱা আন্তৰিক আতিথ্যৰ কথা মই পুত্ৰ হিচাপে কাহানিও পাহৰিব নোৱাৰিম। মোৰ পিতৃয়েই নহয়, হাজোত অসম সাহিত্য সভাৰ অধিৱেশন চলি থকা কালত সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু ভূটানৰপৰা অহা সভাপ্ৰেমী আগন্তক প্রতিগৰাকী ব্যক্তিকেই হাজোৰ প্রতিটো পৰিয়ালেই আন্তৰিকতাৰে আদৰিছিল, সোধ- পোছ কৰিছিল, আদৰ আপ্যায়ন কৰিছিল। প্ৰতিজন ব্যক্তিয়েই যেন কিমান দিনৰ চিনাকী,কিমান আপোন ! পঞ্চতীৰ্থেৰে পৱিত্ৰ হোৱা পুণ্যভূমি হাজোৰ মানৱপ্ৰেমৰ উদাৰ ৰূপ সেইকেইদিন প্রকটভাৱে প্রতিভাত হৈছিল। উফৰি উৰি গৈছিল জাত- পাত, ভাষা-ধৰ্মৰ সংকীৰ্ণ প্রাচীৰ। তেতিয়াৰ হাজোৰ সাহিত্য সভালৈ যোৱা ব্যক্তিসকলৰ নিশ্চয় আজিও মনত আছে, প্রতিঘৰ মানুহৰে পদূলি সাৰি-মচি চাফ- চিকুণ কৰি, কলপুলি ৰুই, শৰাই-গামোচা আদিৰে সজাই তৃষ্ণাতুৰে গ্ৰহণ কৰিব পৰাকৈ খোৱা পানীৰো ব্যৱস্থা কৰি ৰাখিছিল। হাঁহিমুখে আদৰিছিল স্মিতহাস/; মুখৰ ল’ৰা- ছোৱালী বা গৃহকর্ত্তীয়ে। সমগ্ৰ ৰাজ্য যেন হৈ পৰিছিল হাজো-ৰামদিয়াৰ অতিথি।৷ দেউতা অভিভূত হৈ পৰিছিল। অধিৱেশন চলি থকা কালতে দৈনিক অসমৰ কোনোবা এটা সংখ্যাৰ প্রথম পৃষ্ঠাত “বক্স আইটেম” কৰি সকলো পাঠকৰে চকুত পৰাকৈ “পানী কিয়, ভাতকে এসীজ খাই যাওক...” শীৰ্ষক দীঘলীয়া ইতিবাচক বাতৰি এটি প্রকাশ পাইছিল। হাজোলৈ যোৱা লাখ জনতাৰ মাজৰ কোনোবা এজনে পিয়াহ লগাত, গাড়ীৰপৰা নামি অধিৱেশন থলীলৈ গৈ থাকোঁতে ৰাস্তাৰ দাঁতিৰ মানুহ এঘৰত সোমাই পানী খাবলৈ বিচৰাত তেওঁক বহিবলৈ দি, সেইদৰে ভাত এসীজ খাবলৈ প্রস্তাৱ আগবঢ়াইছিল। অভিভূত সেই ব্যক্তিয়ে উভতি আহি দৈনিক অসমৰ বাতৰি বিভাগৰ কাৰ্য্যালয়ত সোমাই সেই বিৰল অভিজ্ঞতা বৰ্ণনা কৰোঁতে, তাৰেই আধাৰত দেউতাই সেই বাতৰিটো এটা ভাল খবৰ (0000 }বৈ০%৪) ৰ বাৰ্তা হিচাপে প্রকাশ কৰাইছিল। বাতৰিটো প্রকাশ পোৱাৰ পাছত দেউতালৈ অসমৰ বহু স্থানৰপৰা ঘৰৰ টেলিফোনটোলৈকো ফোন অহা কথাটো মই জানো৷

এছেম্বলিৰ স্পিকাৰ ৰমেশ বৰুৱা আৰু ডিব্ৰুগড়ৰ লক্ষী দত্তয়ো গুৰুত্বপূৰ্ণ বিষয় লৈ আহি দেউতা ৰ লগত কথা পাতি গৈছিল। ড? ভূপেন হাজৰিকা চেনিকুঠীত থকা কালত আমাৰ ঘৰলৈ কেইবাৰমান আহিছিল। তেওঁ ব্যস্ত মানুহ, দেউতাও ব্যস্ত মানুহ। বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলগীয়া হ’লেহে তেওঁ আহিছিল। কিন্তু আহিলে কিছু সময় বহি দুয়ো আন্তৰিকতাৰে কথা পাতিছিল আৰু মায়ে সজাই দিয়া চাহ- জলপান খাইহে উভতিছিল। এদিন মাৰ হাতেৰে ভাত এসীজ খোৱাৰ পৰিকল্পনা আছিল যদিও সেই পৰিকল্পন। দুৰ্ভাগ্যবশতঃ বাস্তৱায়িত নহ'ল৷ ড’ হাজৰিকাৰ বিয়োগৰ পূৰ্বে “আসাম ভেলি এৱাৰ্ড”ৰ সভাত উপস্থিত থাকিবলৈ গুৱাহাটীলৈ আহোতে মাছখোৱাৰ “প্রাগজ্যোতি” সাংস্কৃতিক কেন্দ্ৰত তেওঁক লগ পাওঁতে এদিন পাছত তেওঁৰ ঘৰলৈ মাতিছিল। নিদ্বাৰিত সময়সূচী অনুসৰি মোৰ অন্তৰঙ্গ বান্ধৱ এগৰাকীৰ সতে তেওঁৰ ওচৰলৈ গৈছিলোঁ৷ সিদিনা ডেৰ ঘণ্টা সময় তেওঁৰ লগত কটাইছিলোঁ; প্রায়খিনি সময় তেওঁ দেউতাৰ বিষয়ে স্মৃতিচাৰণ কৰিছিল। বিভিন্ন প্ৰসঙ্গত দেউতাৰ ভূমিকাৰ বিষয়ে কৈ,মই নজনা নতুন কথা কিছুমানো কৈছিল। “অহাবাৰ অসমলৈ আহিলে তোমালোকৰ ঘৰত এসাঁজ খাম। মোৰ বহুদিনৰ আশা” তেওঁ আন্তৰিকতাৰে ব্যক্ত কৰিছিল। কিন্ত সেই আশা আশা হৈয়েই ৰ’ল। তেওঁৰ অকাল মৃত্যুৱে বহুতো আশাৰ সন্মুখত বাধাৰ প্রাচীৰ সৃষ্টি কৰিলে। যিদৰে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিছিল মোৰ পিতৃদেৱৰ অকাল বিয়োগে। একেটা বছৰতে যুটীয়াভাৱে শ্ৰীজীশংকৰদেৱ বঁটা প্ৰাপক, ভিন্ন ভিন্ন বৰ্ষত অসম সাহিত্য সভাৰ সভাপতি দুয়োজনেই আমাৰ পিতৃপুৰুষ; অকল আমাৰেই নহয়, অসম ভূমিক ভাল পোৱা হেজাৰজনৰ চিন্তানায়ক। সেইবাবেই দুয়োৰে চিন্তা-ভাৱনা, পৰিকল্পনা একেটি সুৰতে বন্ধা; সেই সুৰ নতুন অসম গঢ়াৰ সুৰ, সুন্দৰ : অসম গাৰ সুৰ।

কেইগৰাকীমান ব্যক্তিয়ে প্ৰায়েই,বা ম৷ল্-সময়ে চাইকেলেৰে আমাৰ চেনিকুঠীৰ ঘৰলৈ আৰু পৰৱৰ্তা কালত চানমাৰি ক’লনিৰ ঘৰলৈ আহিছিল। তাৰ ভিতৰত, উত্তৰ গুৱাহাটীৰপৰা ফেৰিত চাইকেল লগত লৈ পাৰ হৈ অহা দৈনিক অসমৰ সাংবাদিক, ডাঠ খাদীৰ ধুতি-পাঞ্জাৱী পৰিধান কৰা মায়াৰাম তামূলী; বস্তি, লাভলি আসাম, অসম প্রভা, নৱধাৰা, সংগ্ৰাম, ছাঁয়াপলথ আৰু পৰৱৰ্তী কালত নিয়মীয়াকৈ প্রকাশ কৰা “বৰদৈচিলা”ৰ সম্পাদক, লাচিত সেনাৰ প্রতিষ্ঠাপক সভাপতি শিৱপ্ৰসাদ বৰুৱা; শিশুপ্রাণ নবীন শৰ্মা ছাৰ; অসমৰ সৰ্বকালীন, সুদীৰ্ঘ কাল যতি নপৰাকৈ প্রকাশিত আলোচনী “নাম নাই”ৰ প্রকাশক সম্পাদক মেজৰ সত্যৱত লহকৰ (পৰৱৰ্তী কালত ম’পেড চলাই আহে) আৰু যাঠিৰ দশকৰ প্ৰখ্যাত প্ৰেছ ফট'গ্ৰাফাৰ, গুৱাহাটীৰ একালৰ এজনা জনপ্ৰিয় নাগৰিক, আৰ. জি. বৰুৱাৰ প্ৰিয়, লাখটকীয়াৰ দেৱী দাস (দেৱী দা নামেৰে খ্যাত) ৰ কথা আজিও মনত সেউজ হৈ আছে। মেজৰ লহকৰৰ “বিট্ৰায়েল অব আসাম” গ্ৰন্থখন অসমক কেন্দ্রীয় চৰকাৰে কৰা অৱজ্ঞাৰ এক মহা চনদ বুলিব পাৰি। তেওঁ মিলিটেৰি কায়দাৰে কৰমৰ্দন কৰিলে হাত বিষাই যায়। বিশাল শৰীৰৰ অধিকাৰী দেৱীদাই সদায় বগা ট্রাউজাৰ, %খ], হাইজৰ বগা হাৱাইন ছার্ট আৰু শিৰত এটা বগা ছি-কেপ (৪০৪ €%8)) পিন্ধি,চাইকেল হাফ পেডেলত চলাই ফুৰা আৰু চিনাকী মানুহক টুপীটো খুলি জোকাৰি অভিবাদন জনোৱা দৃশ্যটো চকুৰ আগত ভাঁহি থাকে। তেওঁ মাজে মাজে খেলৰ এজাপ ফট’ আনি দেউতাক দেখুৱাই বুজাই দিছিল আৰু কাকতৰ বারে দি গৈছিল।

চাইকেলৰ কথা কওঁতেই মনত পৰিছে “ভিন্তোৰিঅ’ডি চিকা” ৰ বিশ্ববিখ্যাত ছবি “দ্য বাইচাইকেল থিফ”খন চাবলৈ দেউতাই মোক লগত লৈ গৈছিল। দেউতাৰ

ইংৰাজী ছবি চোৱা সঙ্গী ড” মহেশ্বৰ নেওগ সিদিনাও আছিল। তেওঁলোকে, দেউতাই মোক লগত নি ইংৰাজী ছবি দেখুৱাব খোজাৰ কাৰণ সম্পৰ্কে সোধাত তেওঁ বুজাই দিছিল যে তেওঁ মোক ভাল ছবি চোৱাৰ “টেষ্ট” বা সোৱাদ মনত সৃষ্টি কৰাব বিচাৰে; নহ’লে মই পাছলৈ সস্তীয়া হিন্দী ছবি চোৱা নিয়মীয়া দৰ্শক হৈ পৰিম। দেউতাৰ লগত পাছলৈ “বেনহুৰ”, “গন উইথ দ্য উইণ্ড”,“টেন কমাণ্ডমেন্টছ”,“দ্য বাৰ্থ অব আ নেচন”, আদি ছবি চাইছিলোঁ। পৰৱৰ্তা কালত গুৱাহাটী ছিনে ক্লাবৰ বিশেষ বিশেষ ছবি চাবলৈ দেউতাক কাৰ্ড আনি দিছিলোঁ। মই নিজেও এই ক্লাবৰ বহু বছৰ ধৰি সদস্য।

চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱা, আব্দুল মজিদ আৰু তছদ্দুক ইউচুফ আহি দেউতাৰ লগত তেওঁলোকৰ নিমীয়মান ছবি সম্পৰ্কে কথা পতা দেখিছোঁ। অকুদা (বিজয় শংকৰ দাস) ৰ ঘৰৰ দাঁতিতে আমি বহু বছৰ আছিলোঁ। সেই সময়ত তেওঁ আমাৰ ঘৰলৈ প্রায়ে আহিছিল আৰু মাৰ ওচৰত ফৰমাচ দি লুচি-ভাজি, চাহ খাইছিল। দেউতাই তেওঁক তেওঁৰ বিভিন্ন ছবিত কৰা সফল অভিনয়ৰ বাবে প্রশংসা কৰিছিল। অসমবাণীৰ নিৰোদ মামা (প্রখ্যাত কথাশিল্পী নিৰোদ চৌধুৰী) আহি প্ৰায়েই দেউতাৰ হাতত নতুনকৈ প্রকাশিত তেওঁ লিখা গল্প সংকলন আৰু উপন্যাসৰ কপি তুলি দিছিল। মহাকালে নিৰোদ দাকো অকালতে আঁজুৰি লৈ গ’ল।

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জনপ্ৰিয় সাংবাদিক কুলদীপ নায়াৰ আৰু অৰুণ শ্বোৰীয়ে ঘৰলৈ আহি দেউতাৰ লগত"অসম স্বাৰ্থত কথা-বতৰা পতা দেখা পাইছোঁ৷ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দূত খাণ্ডুলাল চন্দ্ৰকাৰে দেউতাৰ পৰামৰ্শ গ্ৰহণ কৰিছিল অসমৰ বিভিন্ন স্বাৰ্থত। প্রকৃতিপ্ৰেমী ৰবীন বেনাৰ্জী গুৱাহাটীলৈ আহিলে, উভতি যাওঁতে হ’লেও দেউতাক থিয়ৈ থিয়ৈ হ'লেও এবাৰ মাত লগাই গৈছিল।

তেজপুৰৰ ডা’ ৰবীন গোস্বামীদেৱে দেউতাৰ লগত প্ৰায়েই যোগাযোগ ৰাখিছিল। তেওঁ'সাধাৰণতে দেউতাক নিশা ফোন কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিৰ, মানসিক ৰোগ চিকিৎসাৰ চিকিৎসালয়খনৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ এলানি পৰামৰ্শ দিছিল আৰু সেইসমূহ বিভিন্ন সময়ত দেউতাৰ কাকতত প্রকাশো পাইছিল। যোৰহাটৰ অজিত শৰ্মাই প্ৰয়োজনসাপেক্ষে মাজে মাজে বাতৰি প্রকাশৰ ক্ষেত্ৰত ফোনযোগে দিহা-পৰামৰ্শ লৈছিল। কিন্তু বহুদিন বিৰতিৰ পাছত গুৱাহাটীলৈ আহিলে দেউতাক লগ ধৰি যাবলৈ নাপাহৰিছিল। তেওঁৰ ৰুচিসন্মত আৰু পৰিপাটি সাজ-পাৰে আমাক আকৃষ্ট কাৰছিল ৷ পৰ্পিাটিকৈ সাজ-পাৰ কৰা, দেউতাক অন্তৰেৰে ভাল পোৱা আন এগৰাকী ব্যক্তি হৈছে অসম আন্দোলনৰ একালৰ নিভঁীক নেতা খনীন দাস। তেওঁ, মধ্য-পূব গুৱাহাটী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়ালৈ দেউতাক বছৰি নিমন্ত্ৰণ কৰিবলৈ অহা মনত পৰে আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হ’লেও, নিজৰ স্থিতি ভুল নে শুদ্ধ, এবাৰ আলচ কৰি লৈছিল। এটি আঢ্যৱন্ত পৰিয়ালৰ সদস্যা ৰৌচন আৰা বেগমে তেওঁলোকৰ বিভিন্ন সামাজিক অনুষ্ঠানলৈ দেউতাক নিমন্ত্ৰণ জনাইছিল। দেউতা যাব নোৱাৰিলেও তেওঁ বুজি পাইছিল আৰু বেয়া নাপাইছিল। বাইদেৱে মোক জে. বি মঙ্গাৰামৰপৰা অনা আখৰোট, যাবলৈ সেইবাবে উৎসাহিত অনুভৱ কৰিছিলো।

প্রখ্যাত লেখক মহম্মদ পিয়াৰ আৰু আলিমুন্নিছা পিয়াৰ আমাৰ ঘৰলৈ ওপৰত তেওঁলোক দুয়ো আৰু মা-দেউতাই ডাইনিং টেবুলৰ চৌদিশে বহি কথা পাতিছিল। তেওঁলোক দুয়োকে দেউতাৰ কাকতৰ বাবে লেখা দিবলৈ আহ্বান জনাইছিল। তেওঁলোকৰ ঘৰলৈকো মাজে-সময়ে দেউতা আৰু মা গৈছিল আৰু কেতিয়াবা কেতিয়াবা আমাকো লৈ গৈছিল। দেউতাৰ বাল্যবন্ধু সত্যৰঞ্জন বড়াৰ লগত তেওঁৰ চিৰকালীন আন্তৰিক সম্পৰ্ক আছিল আৰু দুয়োদুয়োকে বুজি পাইছিল। দেউতাৰ ককাইদেৱক, আমাৰ বৰদেউতা ডা? পদ্মনাথ হাজৰিকাদেৱ কৰ্মসূত্ৰে তেজপুৰত আছিল। তেওঁৰ লগত তেজপুৰত থাকোতে জখলাবন্ধামূলৰ সত্যৰঞ্জন বড়াৰ লগত দেউতাৰবন্ধুত্ব হয়। পাছলৈ ভূদান আন্দোলনত যোগদান কৰা,বড়াদেৱৰ ঘৰত মতা নাম সৰুৰাম আছিল। সেইদৰে দেউতাৰ অগ্ৰজ ভাতৃ ডা” পি. এন. হাজৰিকাদেৱে দেউতাক বৰ মৰম কৰিছিল আৰু দেউতাই তেওঁক পিতৃজ্ঞান কৰি ভক্তি কৰিছিল। সেইদৰে মোৰ মামাকেইজনৰ সতেও দেউতাৰ স্বাভাৱিকতেই সৌহাদপূৰ্ণ সম্পৰ্ক আছিল আৰু সাধাৰণ শাক খোৱা, ভাত খৌৱা কথা নাপাতি তেওঁলোকে দেউতাৰ লগত অসমৰ চাহপাতৰ গুণগত দিশ, জৈৱিক সাৰ প্রয়োগেৰে নতুন নতুন বজাৰ দখল কৰাৰ সম্ভাৱনীয়ত৷ আৰু চাহৰ আন্তৰ্জাতিক বজাৰত অসমৰ স্থান ইত্যাদি সম্পৰ্কে আলাপ-আলোচনা কৰিছিল। হেমেন মামা (চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱা)ই বহুদিনৰ মূৰত গুৱাহাটীলৈ আহিলে ক্ষন্তেক সময়ৰ বাবে হ’লেও মা-দেউতাক মাত লগাই গৈছিল৷ দেউতাই ঘৰুৱা কথাৰ লগতে তেওঁৰপৰা চাহৰ নিলাম বজাৰ সম্পৰ্কে খা-খবৰ লৈছিল।

এইখিনিতে মনত পৰিছে, অসমৰপৰা অবৈধ বিদেশী বহিষ্কৰণৰ গণতান্ত্রিক আন্দোলনৰ সময়তে এটা স্বাৰ্থজড়িত মহলে, আৰ. জি. বৰুৱাৰ উদ্যোগত গুৱাহাটীত স্থাপন কৰা চাই নিলাম কেন্দ্ৰটো অসমৰপৰা স্থানান্তৰিত কৰিবলৈ চেষ্টা চলাইছিল। এই ক্ষেত্রত ইয়াৰ বিপক্ষে অসমৰ স্বাৰ্থত দেউতাই নিজৰ কাকতৰ জৰিয়তে জনমত গঠন কৰিছিল আৰু সফল হৈছিল।

সেই অসম আন্দোলনৰ কালত, আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই দেউতাৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰাখিছিল। অসম আন্দোলনৰ আৰম্ভণিৰ ছাত্ৰনেতাসকল পৰৱৰ্তী কালত ৰাজনৈতিক নেতা হৈ পৰিছিল আৰু তেওঁলোকৰ বিভিন্ন কাৰ্য্যকলাপৰ বাবে বহুজনেই বিতৰ্কিত ব্যক্তি হৈ পৰিছিল আৰু অসমৰ স্বাৰ্থৰ হকে এইসকলে কাম কৰাৰ আশাৰ ক্ষেত্ৰত দেউতাৰ স্বপ্নভঙ্গ হৈছিল। সেই সময়ৰ সেইছাত্ৰনেতাসকলৰ পিছে পিছে আহি থকা বহুজনেই কালক্ৰমত আজি একো একোজন সফল ছাত্ৰনেতা ৷ তেওঁলোকে পূৰ্বৰ নেতা এচামৰ কীৰ্তি-কলাপ দেখি, স্বাৰ্থান্বেষৰ মুখাৰ পিছৰ ভয়াবহ মুখ দেখি শিকিছিল,কি ভাল- $ কি বেয়া। সেই নতুন নেতাসকলৰ নেতৃত্বত আজি “সদৌ অসম ছাত্ৰ সন্থা” অসমৰ স্বাৰ্থত মাত মতা অগ্ৰণী অ-ৰাজনৈতিক অনুষ্ঠান৷ এইসকলৰ অন্যতম নেতা হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, বিপুল কুমাৰ ৰাভা, প্ৰিন্স ফাইজুল হক, শঙ্কৰ প্ৰসাদ ৰয় আৰু তপন গগৈ। ইয়াৰে ড? সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য (বৰ্তমান ছাত্ৰ সহ্থাৰ উপদেষ্টা), বিপুল কুমাৰ ৰাভাই দেউতাৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰাখিছিল আৰু পৰামৰ্শ গ্ৰহণ কৰিছিল। পিতৃদেৱৰ বিয়োগত তেওঁলোক দুয়ো অত্যন্ত দুখ পোৱা দেখিছিলোঁ। ছাত্ৰ সন্থাৰ নেতা তপন গগৈ আৰু শঙ্কৰ প্রসাদ ৰয়েও পিতৃৰ লগত থকা সম্পৰ্কৰ ,_ কথা৷ দোহাৰি আমাৰ আগত শোক ব্যক্ত কৰিছিল। পূৰ্বৰ ছাত্ৰনেতোসকলৰ প্রতাৰণ৷ৰ ভয়াৱহ ৰূপ দেখিও দেউতা নিৰাশ হোৱা নাছিল আৰু পৰৱৰ্তী, নতুনকৈ ওলাই অহা হাত্ৰনেতাসকলৰ ওপৰত গভীৰ আস্থা ৰাখিছিল আৰু প্রয়োজনসাপেক্ষে পৰামৰ্শ দিছিল। তেওঁলোকেই এতিয়া অসমৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে আশা কৰিব পৰা একমাত্ৰ অ-ৰাজনৈতিক অনুষ্ঠানৰ নায়ক।

সমাজত বহু ব্যক্তি আছে, যি নিজ বৃত্তিত সফল আৰু দিনে-নিশাই কৰ্মব্যস্ততাৰ বাবে সমাজ, পৰিয়াল, মিতিৰ, আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ, সকলোৰেপৰা আঁতৰি থাকে; কলা, সংস্কৃতি, সামাজিক-পাৰিবাৰিক অনুষ্ঠানৰ কথা বাদেই। এই ক্ষেত্ৰত দেউতা আছিল এক বিস্ময়কৰ ব্যতিঞম। দেউতাই এখন বহুল প্ৰচাৰিত জনপ্ৰিয় দৈনিক বাতৰিকাকত সুন্দৰভাৱে সম্পাদনা কৰাৰ লগতে মাক সঙ্গ দিছিল, আমাৰ লগত সময় অতিবাহিত কৰিছিল, পৰিয়াল, বন্ধ-বান্ধবৰ ঘৰলৈ অহা-যোৱা কৰিছিল, বিয়া-সবাহৰ নিমন্ত্ৰণ ৰক্ষা কৰিছিল, পৰিচিতজনৰ মৃত্যুত শ্মশানযাত্ৰী হৈছিল আৰু ভ্ৰাম্যমান থিয়েটাৰ, অপেছাদাৰী নাট্যদলৰদ্বাৰা মঞ্চস্থ কৰা নাটক, অসমীয়া ছিনেমা আৰুক্লাছিকধৰ্মী ইংৰাজী ছবি চাইছিল। ক'বলৈ গ’লে, দেউতা আছিল, সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰা এগৰাকী সফল ব্যক্তি। বৃত্তি তেওঁৰ বাবে আছিল সকলোৰে উৰ্ধ্বত; কিন্তু বৃত্তি তেওঁৰ ব্যক্তিগত জীৱন উপভোগত অন্তৰায় হোৱা নাছিল। মোৰ ধাৰণা, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱৰ সান্নিধ্য অ৷+ আদৰ্শই তেওঁক বহু পৰিমাণে প্রভাৱিত কৰিছিল বাবেও হয়তো এইটো সম্ভৱ হৈছিল।

৮০ৰ দশকত, নিক সাংবাদিকতা কৰি এছিয়াৰ অন্তৰ্গত ভাৰতীয় উপমহাদেশৰ এটা অঞ্চল, উত্তৰ-পূৰ্বাঞ্চলত সামাজিক, সাংস্কৃতিক, আৰ্থিক দিশত সংবাদ পৰিৱেশনৰ মাধ্যমেৰে শান্তি আৰু প্ৰগতিৰ হকে কাম কৰা বাবে ফিলিপাইনৰপৰা = তেওঁক “দ্য বেষ্ট এছিয়ান ষ্টেটছমেন” এৱাৰ্ড দিয়া হৈছিল। এই সন্মানত এখনি আটকধুনীয়া মানপত্ৰৰ লগতে এটা সোণৰ পদক প্রদান কৰিছিল।

শ্ৰী শংকৰদেৱ বঁটা প্রদানৰ সময়ত দৈনিক অসম কাকতত শিল্পী-লৈখক ৰত্ন ওজাদেৱে দেউতাৰ জীৱন আৰু কৰ্মাভত্তিক এটা প্রবন্ধ লিখিছিল। সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ আমাৰ ঘৰলৈ আহিছিল। ইয়াৰ পূৰ্বেও তেওঁ এন.এফ. ৰেল’ৱে আৰু আন কৰ্প’ৰেট ছেক্ট্ৰত জনসংযোগত মুৰব্বী বিষয়া হিচাপে কাম কৰোঁতেও আমাৰ ঘৰলৈ আহি দেউতাৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰাখিছিল।

যোৰহাটলৈ গ’লে দেউতাই প্ৰখ্যাত মুক্তিযোদ্ধা, সমাজ সংস্কাৰক কৃষ্ণকান্ত শৰ্মা _ আৰু ককা নীলমণি ফুকনক লগ ধৰি খা-খবৰ লৈছিল।

তেতিয়াৰ নেফা (]খ!]'/১), আজিৰ অৰুণাচলৰ প্রখ্যাত লেখক লুম্মেৰ দাইক আমাৰ ঘৰলৈ আহি দেউতাৰ লগত কথা-বতৰা পতা দেখিছিলোঁ। সেইদৰে চেনিকুঠীৰ ডা”ঘনশ্যাম দাসে ৰাস্তাৰ দাঁতিত থিয় হৈ দেউতাৰ লগত কথা পাতি থকা দৃশ্য দেখা মনত আছে। বিহুৰ সময়ত শিল্পসংগঠক ক্ষীৰদাকান্ত বিষয়াদেৱকো আহি দেউতাক লগ ধৰা দেখিছিলোঁ।

ব’হাগ বিহুৰ প্ৰথমদিনা এজন ব্যক্তিয়ে দিনৰ এক বজাত দেউতাৰ লগত লগ হৈ কুশল বিনিময় কৰা আৰু দৈ-চিৰ৷ খোৱা ব্যৱস্থাটো বহুবছৰ ধৰি অব্যাহত হৈ থকাটো আমি পৰিয়ালৰ সদস্য হিচাপে দেখি আহিছোঁ। সিদিনা দেউতা পুৱা ক’ৰবালৈ ওলাই গ’লেও সেই সময়ত উভতি আহে আৰু ইতিমধ্যে তেওঁ আহি পালে বহিবলৈ ক’বলৈ কৈ যায়। সেই ব্যক্তি আৰু দেউতা, দুয়ো ইজনে সিজনক অসীম শ্ৰদ্ধা কৰিছিল আৰু দুয়োৰে মাজত আন্তৰিক বুজা-পৰাও আছিল৷ অথচ দেউতা আছিল এজন নিৰীহ সাংবাদিক আৰু একমাত্ৰ সাংবাদিকতাই আছিল দেউতাৰ নিচা আৰু পেছা।আনহাতে সেইজন ব্যক্তি হ’ল সফল তথা প্ৰতিষ্ঠিভ ব্যৱসায়ী, সংগঠক আৰু এটি ৰাজনৈতিক দলৰ শীৰ্ষস্থানীয় নেতা। অথচ, ৰাজনীতি কৰিলেও, তেওঁ পূৰ্বৰ বিজয়চন্দ্ৰ ভাগৰতী, অমিয় কুমাৰ দাস, উপেন দাস প্রভৃতি ৰাজনৈতিক নেতাসকলৰ দৰেই আছিল, ৰাজনৈতিক দিশত সহজ-সৰল আৰু চিপ্ৰাং মৰাসকলৰ ৰাজনীতি তেওঁ নুবুজিছিল। সেইবাবে ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ উদ্যম আৰু জ্ঞান থকা সত্বেও ৰাজনীতিৰ আকাশত ক্ষন্তেক কাল চমক দিয়া তৰা হ’ব নোৱাৰিলে। দেউতা আৰু সেই সৎউৎসাহী আধুনিক ব্যৱসায়ী ব্যক্তিগৰাকীৰ মাজত এটা কথাৰ মিল আছিল; মিল থকা কথাটো হ’ল অসম গীত-সংস্কৃতিৰ প্রতি থকা দুয়োজনৰে নিভীজ ভালপোৱা। সেই ভালপোৱা প্রকটভাৱে প্ৰকাশ পায়, যেতিয়া দেখা যায়, সেই ব্যক্তিয়ে তেওঁৰ নিজস্ব প্ৰতীক হিচাপে বাছি লয় আৰু ব্যৱহাৰ কৰে সত্ৰীয়া নৃত্যৰত শিল্পী এগৰাকীৰ নৃত্যৰ এক অপূৰ্ব ভঙ্গিমাৰ গ্ৰাফিক ডিজাইন।

মোৰ পিতৃক নিজৰ অগ্ৰজ ককায়েকৰ দৰে ভাল পোৱা, মানৱ দৰদী, দক্ষ কৰ্মী, সেই ব্যক্তি গৰাকী আন কোনো নহয়, তেওঁ হ’ল বিশিষ্ট ক্ৰীড়াসংগঠক, সংস্কৃতিসংগঠক,আসাম অলিম্পিক এছোছিয়েচনৰ একালৰ সভাপতি আৰু চিউল অলিম্পিকত ভাৰতীয় দলৰ ডেপুটি ‘চিফদ্য মিছন’ ড“ ফণী শৰ্মা। আৰ. জি.বৰুৱাৰ উদ্যোগত আৰু বহুজনৰ সহযোগিতাত মঞ্চত প্ৰতিষ্ঠা কৰা ব’হাগ বিহুৰ সাংস্কৃতিক মঞ্চৰ সংখ্যা গুৱাহাটীতে এশখনৰো বেছিলৈ বৃদ্ধি পোৱাত ড‘ শৰ্মাই “বৃহত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতি”ৰ সৃষ্টি কৰিছিল আৰু সমন্বয়ৰক্ষী সন্মিলনীখনি আণ্ুডৱাই নিয়াৰ ক্ষেত্ৰত দেউতাৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিল।

আসাম ট্ৰিবিউনৰ সাংবাদিক, শিল্পী অপূৰ্ব কুমাৰ দাসেও দেউতাৰ লগত সম্পৰ্ক ৰাখিছিল আৰু সাংস্কৃতিক জগতখনৰ বা-বাতৰি তেওঁৰপৰা নিজে জানিবলৈ দেউতা যত্নপৰ হৈছিল। মাজে-সময়ে দেউতাক ঘৰে-বাহিৰে কথা পতা দেখিছিলোঁ লেখক- সাংবাদিক, অধুনা প্রয়াত ৰতন শৰ্মাৰ সতে। যুৱ সাহিত্যিক, কুমুদ চন্দ্ৰ ডেকাও দেউতাৰপৰা লিখা সম্পৰ্কে পৰামৰ্শ ল’বলৈ প্রায়ে আহিছিল। তেওঁ “আংতং” আলোচনীৰ সম্পাদক আৰু জো না ৰত!এখনি তাহা ডি কৰিছিল।

অসমৰপৰা অবৈধ বিদেশী বহিষ্কাৰ কৰিবলৈ কৰা অসম আন্দোলনৰ অন্যতম নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যও দেউতাৰ গুণগ্ৰাহী আছিল আৰু দেউতা জীয়াই থকা কাললৈ তেওঁ প্রায়েই আহি দেউতা আৰু মাৰ খা-খবৰ লৈছিল আৰু পৰিয়ালৰে এজনৰ দৰে দেউতাক সঙ্গ দিছিল। তেওঁৰ পিতৃ অসমৰ এগৰাকী প্ৰখ্যাত পণ্ডিতপ্রবৰ আছিল আৰু তেওঁৰ ৰচনাৱলী দেউতাই সম্পাদনা কৰিছপাৰ বাবে সাজু কৰি দিছিল।

শিল্পী-সাহিত্যিকৰ সতে দেউতাৰ সান্নিধ্যৰ কথা লিখোঁতেই মনত পৰিছে প্রয়াত তৰুণ দুৱৰা দেৱৰ কথা। দুৱৰা একাধাৰে পেইন্টাৰো আছিল আৰু অভিনয়শিল্পীও আছিল। পৰিচালক ব্ৰজেন বৰুৱাদেৱৰ ড? বেজবৰুৱা ছবিত দুৱৰাৰ অনবদ্য অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাইছিল। তেওঁ চানমাৰিৰ ঘৰলৈ আহি দেউতাক লগ ধৰিছিলহি। দেউতায়ো কেতিয়াবা তেওঁলোকৰ তালৈ গৈছিল। দুৱৰাদেৱৰ শাস্ত:সৌম্য ৰূপ দেখি, শিল্পী তেনেকুৱা ধৰণৰ হ’ব লাগে বুলি আমাৰ ধাৰণা হৈছিল।

দেউতাৰ ভতিজা, মোৰ দাদা কাশীনাথ হাজৰিকাদেৱ দেউতাৰ মহা ভক্ত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে সম্থাক আগবঢ়াই নিয়াৰ শুদ্ধ পথ নিৰ্ণায়ক হিচাপে দেউতাৰ পৰামৰ্শ লৈছিল। পৰৱৰ্তী কালত দাদাই কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দায়িত্বপূৰ্ণ শীৰ্ষ পদবীত থাকোঁতেও, অসমৰ আৰ্থিক উন্নয়নৰ দিশত কি পৰিকল্পনা লোৱা উচিত হ’ব, সেয়া আলচ কৰিছিল। এতিয়াও কাশীদাই লগ পালেই সেই স্মৃতিসমূহ ৰোমন্থন কৰে।

এঁতিহ্যমণ্ডিত বি.বৰুৱা কলেজৰ একালৰ অধ্যক্ষ, কবি হেম বৰুৱাদেৱৰ আমাৰ পিতৃৰ সতে আত্মীয়তা গঢ়ি উঠিছিল তেওঁলোকৰ আৰু আমাৰ দুয়োটি পৰিয়াল চেনিকুঠীত ওচৰা-উচৰিকৈ থকাৰ দিনৰেপৰা ৷ পৰৱৰ্তী কালত দেউতাই আকাশবানীৰ দিল্লী কেন্দ্ৰৰ নিয়মীয়া পদবীত যোগদান কৰা বাবে আমাকো দিল্লীলৈ লৈ গৈছিল।

আমি তাত থকাৰ সময়তেপ্ৰিন্সিপাল হেম বৰুৱাদেৱ অসমৰপৰা এম. পি. হৈ দিল্লীলৈ যোৱাত তেওঁৰ পৰিয়ালো দিল্লীত নিগাজি হৈ আছিলগৈ। তেতিয়া স্বাভাৱিকতে পুত্ৰ অঞ্জন মোৰ বিশিষ্ট বন্ধু আছিল আৰু প্ৰব্লী কালতো আমাৰ সেই বন্ধুত্ব অটুট আছিল। হেম বৰুৱাদেৱে দেউতাৰ লগত কিবা-কিবি গুৰুত্বপূৰ্ণ কথা পাতিছিল যদিও তেওঁলোকৰ কথাৰ বিষয়বস্তু বুজি নাপাইছিলোঁ আৰু বুজিবলৈ যত্নও কৰা নাছিলো। বিভিন্ন সময়ত তেওঁ ৰচনা কৰা ৰঙা কৰবীৰ ফুল, ব’হাগতে পাতি যাওঁ বিয়া, কন্নকী, কিউপিদ আৰু চাইকী আদি গ্ৰন্থসমূহ দেউতাক উপহাৰ দিছিল। তেওঁ দেউতাক দিয়া ৰেড ৰিভাৰ এণ্ড বু হিল (1২০৫ [২1৮০ 0001310 ]]1]]) নামৰ গ্ৰন্থখন পঢ়িবলৈ যত্ন কৰিছিলোঁ যদিও বিশেষ আগবঢ়া নহ’ল। তেওঁৰ গ্ৰন্থ বয়স্ক মানুহেও নিশা আঁঠুৱাৰ তলত লুকুৱাই লৈ টৰ্চ মাৰি পঢ়ি ৰস পায় বুলি তেওঁ ৰঙা কৰবীৰ ফুল গ্ৰন্থৰ আগকথাত লিখা বুলি শুনিছিলো ৷ কিন্তু ৰেড ৰিভাৰ এণ্ড বন হিলত তেনে ৰস বিচাৰি নাপালোঁ দেখোন। হেম বৰুৱা আৰু দেউতাৰ মাজত বাহ্যিক দিশত দুটা মিল দেখিছিলোঁ; = এটা হ’ল, দুয়ো ধুতি আৰু পাঞ্জাৱী চোলা পিন্ধিছিল আৰু আনটো হ’ল, দুয়ো তামোল খাই ভাল পাইছিল। বাহিৰত নেদেখা ভিতৰৰ মিলটো হ’ল, দুয়োজনৰে নির্ভেজাল অসমপ্ৰীতি আৰু অসম মাতৃৰ বাবে কাম কৰাৰ অদম্য হে পাহ। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱৰ ঘৰলৈ দেউতা ফেতিয়াবা কেতিয়াবা গৈছিল। তেওঁৰ “কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত” গ্ৰন্থখন দেউতাৰ পঢ়া টেবুলত দেখা মনত পৰে। অসমৰপৰা

অবৈধ বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত অসম জাতীয়তাবাদী দলৰ নেতা হেমেন্দ্ৰ কুমাৰ ভূঞাৰ নেতৃত্বত অনুষ্ঠিত বেণুধৰ শৰ্মাৰ সভাপতিত্বত এখন সভাত সুৱাগপুৰৰ মূল পথটো “ছহিদ অনিল-মুজান্মিল পথ” নামেৰে নামাকৰণ কৰা হৈছিল। শৰ্মাদেৱে "ছহিদ অনিল বড়া আৰু স্বহীদ মুজান্মিল হকৰ আত্মত্যাগৰ বিষয়ে তেজস্বী ভাষাত ভাষণ দিছিল। সেই সভাত এই অভাজনো উপস্থিত থকাৰ সৌভাগ্য ঘটিছিল।

নিয়মীয়াকৈ লিখিছিল লিখনিসমূহ তেওঁ আমাৰ ঘৰলৈ আহি নিজে দিছিলহি ৷ নাট সমালোচনা, তেওঁৰ লিখাখিনিৰ উপৰিও আন নাটসমূহ সম্পৰ্কে তেওঁ দেউতাক বুজাই কৈছিল। সমসাময়িক নাট সম্পৰ্কে দেউতাই তেওঁৰ পৰা শিকিছিল।শিল্পীৰ কথা লিখোতেই মনত পৰিছে, কণ্ঠশিল্পী, শিক্ষাবিদ ড” লক্ষহীৰা দাসৰ গীত দেউতা আৰু মাৰ বৰপ্ৰিয় আছিল আৰু পূৰ্বতে চেনিকুঠীত থাকোঁতে তেওঁলোকৰ লগত নিয়মীয়াকৈ অহা-যোৱা আছিল আৰু পাছলৈ তেওঁলোক ৰাজগড় পথলৈ যোৱাৰ পাছতো মাজে-সময়ে অহা-যোৱা চলি আছিল।

অফিচৰ কাম ঘৰলৈকে আহি সামৰি যোৱা, আনজন ব্যক্তি হৈছে সদা চৌধাৰী। তেৱোঁ দেউতাক নিয়মীয়াকৈ ঘৰলৈ আহি লগ ধৰি অসমীয়া চলচ্চিত্ৰ সম্পৰ্কে বাৰ্তা দিছিলহি আৰু চাহৰ পিয়লা এটা হাতত লৈ তেওঁ কিছু ব্যগ্ৰভাবেৰে, খৰকৈ দেউতাক কথাবোৰ কৈ গৈছিল। দেউতা আছিল নিৰৱ দৰ্শক, মাজে মাজে দুই-এটা প্রশ্ন মনত অসমীয়া ছবি জগতখনৰ বহুনজনা খবৰ জনাৰ তীব্ৰ ইচ্ছা । সদা চৌধাৰী খিলঞ্জীয়া অসমীয়া হিচাপে বোলছবি পৰিৱেশনৰ ব্যৱসায়ত ভৰি দিয়া অন্যতম বাটকটীয়া ব্যক্তি আছিল। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত ঘঁৰিয়াল আৰু ভয়াবহ ছাৰ্ক মাছে দখল কৰি ৰখা এই ব্যৱসায়ত বৰ্তি থাকিব পৰাটো সহজ কথা নহয়। সদা চৌধাৰীয়ে তেনে বিপদ-সংকুল সাগৰতে জাল পেলাইছিল। তেওঁ, হেৰাই যাব ধৰা পুৰণি অসমীয়া বোলছবিৰ অৱশিষ্ট ৰৈ যোৱা ভাল আৰু বেয়া অৱস্থাত থকা ছিনেমাৰ “্ৰীল”বোৰ সংগ্ৰহ কৰি এটা ব্যক্তিগত আকহইভ গঢ়ি তুলিছিল আৰু এই সমূহ পৰিৱেশনো কৰিছিল। এইবোৰ কথাৰ উপৰিও ডণ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণু ৰাভাৰ সতে থকা তেওঁৰ সম্পৰ্ক আৰু অন্তৰঙ্গ কিছুমান মূহূৰ্তৰ কাহিনীও দেউতাক কৈছিল আৰু স্পষ্টবাদী চৌধাৰীৰ সেই কথাৰ ভাগ ওপৰঞ্চি হিচাপে আমিও পাইছিলোঁ। ইয়াৰ ভিতৰত, বিষ্ণু ৰাভাই নৰীয়া গাৰে,চিকিৎসালয়ৰপৰা তেওঁৰ লগত ৰিক্সাত আহি কেলভিন ছিনেমাত নিশাৰ দৰ্শনীত ছিনেমা চোৱা কৰুণ কাহিনীটো কাহানিও পাহৰিব নোৱাৰোঁ৷ এই কথাখিনি শুনি দেউতাই দুখ পাইছিল; দেউতাৰ অস্বাভাৱিক গম্ভীৰ মুখখন দেখিয়েই কথাটো অনুভৱ কৰিব পাৰিছিলো। সদা চৌধাৰীৰ পৈতৃক গৃহ আছিল উজান বজাৰৰ ‘কুভানাম’ (কুমাৰ ভাস্কৰ নাট্য মন্দিৰ) ৰ দক্ষিণ দিশত। সদ৷ চৌধাৰীৰ ছবি সংগ্ৰহ সম্পৰ্কীয় কাম-কাজত দেউতাই সদায়ে উৎসাহিত কৰিছিল।

বিষ্ণু ৰাভাৰ একালৰ অনুগামী ভলন্টিয়াৰ, সমাজ আৰু সংস্কৃতি সংগঠক গোপাল দাসদেৱেও দেউতাক দুই-এবাৰ দেখা কৰা কথাটো মনত পৰে। টকৌবাৰী- ভৰলুমুখ অঞ্চলৰ বাসিন্দা (সঠিক ঘৰৰ ঠিকনাটো নাজানো) গোপাল দাস ডাঙৰীয়াই এবাৰ কোনোবা এটা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্রত্দ্বিন্দ্বিতা কৰাৰ কথাও মনত পৰে। নিৰ্বাচনত তেওঁৰ প্রাৰ্থিত্বৰ পৰিচয়সূচক চিহ্ন (ছিত্বল) আছিল “মটৰ চাইকেল”।

গান্ধীবাদী নেত্ৰী হেম ভৰালীৰ সতেও দেউতাই ভাব-বিনিময় কৰিছিল। সেইদৰে শুচিব্ৰতা ৰায় চৌধুৰীৰ লগতো বহুবছৰৰপৰা দেউতাই সমবায়,মহিলা সবলীকৰণ আদি বিষয়ৰ ওপৰত আলোচনা কৰিছিল। প্রখ্যাত কবি, অধ্যাপিকা ড*নিৰ্মলপ্রভা বৰদলৈ বাইদেৱেও তেওঁৰ লেখা সম্পৰ্কে দেউতাৰপৰা মতামত গ্ৰহণ কৰিছিল আৰু দেউতাই তেওঁক সন্মুখত আৰু পিছতো ভূয়সী প্রশংসা কৰিছিল। “জীৱন জীৱন বৰ অনুপম” শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থ প্ৰণেতা,জীৱনটোক ইতিবাচক ভাৱেৰে গ্ৰহণ কৰা ড’ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ জীৱনটোৱেই আছিল সংগ্ৰাম আৰু সংঘাতপূৰ্ণ । দেউতাই তেওঁক সততে উদ্‌গনি যোগাইছিল। লেখিকা ৰুণু বৰুৱা, মহিলা সমিতিৰ নেত্ৰী প্ৰীতি গোস্বামী, মা আৰু দেউতা দুয়োকে লগ পাবলৈ প্ৰায়ে আহিছিল। তেওঁলোকে আমাকো বৰ মৰম-আদৰ কৰে।

দেউতাক বিচাৰি অহা বিভিন্নজনৰ লগত আমাৰো বহু সময়ত আত্মীয়তা গঢ়ি উঠিছিল। তেনে আত্মীয়তা হৈছিল অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ সতে। তেওঁ দেউতাৰ জীৱনৰ ঘটনাসমৃদ্ধ কথাৰে গ্ৰন্থ এখনিও লিখিছে। দেউতাৰ কাম আছিল মানুহৰ লগত। সেইবাবে তেওঁ মানুহৰ সঙ্গ ভাল পাইছিল। কিন্তু বাহ্যিকভাৱে তেওঁৰ ব্যক্তিত্ব দেখি বহুজনেই তেওঁ গৌৰৱী আৰু অতি গম্ভীৰ ব্যক্তিবুলি ধাৰণা কৰিছিল। তেনে এজন ব্যক্তি হ’ল, মোৰ সাম্প্ৰতিক কালৰ পৰিচিত বন্ধ, স্থানীয় লেখক, শিক্ষাবিদ, ৰামদিয়াৰ ৰজত চন্দ্ৰ ভৰালীদেৱ। তেওঁৰ বহু প্রবন্ধ দৈনিক অসমত প্রকাশিত হৈছে, কিন্তু দেউতাৰ লগত তেওঁৰ ব্যক্তিগত আলাপ- আলোচনা এদিনো হোৱা নাই। তেওঁৰ দৃষ্টিত, ধুনীয়াকৈ শুধ বগা চুৰিয়া-পাঞ্জাৱী কুৰ্তা,চিকমিকাই থকা জোতাৰে এক বিশেষ গতিবেগত মহানগৰীৰ ফুটপাথেৰে গৈ থকা সেই সম্পাদকজনক কিয় লগ পাব লাগে? তেওঁৰ সময় নষ্ট হ’ব পাৰে। তেওঁৰ কিবা গভীৰ চিন্তাত আউল লাগিব পাৰে। তেওঁ বিতুষ্ট হ'ব পাৰে। সেইবাবে লগ নধৰাই ভাল৷ আৰু বন্ধুবৰ ভৰালীদেৱৰ, সম্পাদক কীৰ্তিনাথ হাজৰিকাক কাহানিও লগ ধৰা নহ’ল৷ মনত গভীৰ দুখ ৰৈ গ’ল। এনেকৈয়ে দূৰৈৰপৰাই বহুজনে দেখিছিল, কিছু বুজিছিল, কিছু নুবুজিছিল দেউতা মানুহজনক ৷ সম্পাদক কীৰ্তিনাথ হাজৰিকাক কিন্তু বুজিবলৈ কোনো বাধা নাছিল, কোনো অন্তৰায় নাছিল; কাৰণ, তেওঁৰ লিখনিসমূহ, তেওঁৰ সম্পাদকীয়সমূহেই আছিল তেওঁৰ ভাৱৰ বহিঃপ্রকাশ। সেয়া বুজিবলৈ, তাৰ মাধ্যমেৰে তেওঁক বুজিবলৈ তেওঁক লগ নাপালেও হয়।

দেউতাই সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰী দিনত আৰু অৱসৰী জীৱনতো ঘৰত আৰু বাহিৰতো দেউতাৰ চৌদিশে আছিল মানুহ আৰু মানুহ ৷ পিছে সেইবোৰ কোনো ৰাজনৈতিক নেতা, ঘোচখোৰ বিয়াগোম বিষয়াৰ চৌদিশে লোভৰ বশৱৰ্তী হৈ চাতুকাৰী বৃত্তিৰে নেণ্ডৰ জোকাৰি ফুৰা শৃগালনেচীয়া মানুহ নাছিল; দেউতাৰ চৌদিশৰ মানুহবোৰ আছিল দেউতাৰ গুণগ্ৰাহী, দেউতাক নিঃস্বাৰ্থভাৱে ভাল পোৱা মানুহ । আৰু সবাতোকৈ ডাঙৰ কথা হৈছে, তেওঁলোক প্রত্যেকজনেই যেন দেউতাৰ দৰেই পৱিত্ৰ অন্তৰৰ , মানৱ দৰদী, কৰ্তব্যনিষ্ঠ একো একোগৰাকী মহান ব্যক্তি। দেউতাক তাৰিফ কৰা তেওঁৰ চৌদিশৰ মানুহবোৰৰ মাজত দেউতা হেৰাই যায়, একীভূত হৈ যায়, একাত্ম হৈ যায়। তেওঁক তেতিয়া বেলেগে চিনি উলিয়াব নোৱাৰি। দেউতাই জীৱনকালত সেইটোকে বিচাৰিছিল। তেওঁ কাহানিও নেতা হ’ব বিচৰ৷ নাছিল, মঞ্চত পৰম বিশিষ্ট ব্যক্তিবাভি, আই.পি. হৈ ফুলৰ মালা পিন্ধিব বিচৰা নাছিল। আনক কাম কৰিবলৈ নিৰ্দেশ দি নিজে শুই থকা নাছিল৷ ডণ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যই কোৱাৰ দৰে “পৰমাৰ্থত এইবোৰৰ কোনো মূল্য নাই।” সেইবাবেই দেউতাৰ আদৰ্শ নিৰৱে হ’লেও আজিও জীয়াই আছে। তেওঁৰ লিখনিসমূহৰ মাজেৰে তেওঁ জীয়াই আছে। তেওঁৰ গুণমুগ্ধসকলৰ হৃদয়ত তেওঁ নিৰৱে জীয়াই আছে। শিষ্টাচাৰ আছিল তেওঁৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্তৰ জীৱন পৰিচালন পদ্ধতি । সেই পদ্ধতি আছিল অতি নিখুঁত ৷ তাত মানুহৰ,কোনো শ্ৰেণীবিভাজন নাই। চতুৰ্থ বৰ্গ নাই, “চাহাব” নাই, “বাবু” নাই। কেৱল মানুহ, মানুহ আৰু মানুহ । তেওঁৰ চৌদিশৰ সেই মহামানৱৰ, মহাসাগৰৰ তীৰত তৌঁট মৰ ভননা দাম লাৰি ডি পাৰ, নিজৰ “মান”ৰ প্রতি “হুচ”থকা মানুহ৷